Sunday, May 23, 2010

গুৱাহাটীৰপৰা নে গুৱাহাটীৰ পৰা ?

পৰা-টো লৈ মহা গণ্ডগোল। পৰা-টো শব্দৰ লগত লগ হৈ যায় নে বেলেগ হৈ থাকে? উত্তৰটো মহা মস্কিল। আগতে অলপমান ব্যাকৰণৰ জ্ঞান।

এ, ই, লৈ, ক, অৰ আদিবোৰ বিভক্তি আৰ সাধাৰণতে সি শব্দৰ লগত সন্ধি হৈ একেটা শব্দ হৈ পৰে। যেনে তাক, তালৈ, তাৰ ইত্যাদি। 'পৰা' সত্যনাথ বৰাদেৱৰ বহল ব্যাকৰণৰ মতে পঞ্চমী বিভক্তিৰ চিন। কিন্তু এটা অসুবিধা হৈছে যে 'পৰা' অকলে শব্দৰ লগত নবহে। 'পৰা'-ৰ আগেয়ে ষষ্ঠী বিভক্তিৰ চিন 'অৰ' আহে। যেনে ঘৰৰ পৰা। ড. ৰমেশ পাঠকে দেখুৱাইছে যে সেইবাবেই 'পৰা' বিভক্তি নহয়, পৰসর্গহে। 'দ্বাৰা' আন এটা পৰসর্গৰ উদাহৰণ। দ্বআৰা কিন্তু শব্দৰ লগত নবহি বেলেগ শব্দ ৰূপেহে বহে। যেনে তাৰ দ্বাৰা, মোৰ দ্বাৰা।

বিভক্তি বুলি মানি ল'লে "ঘৰৰপৰা" শুদ্ধ হ'ব লাগে। আৰু পৰসর্গ বুলি ধৰিলে, "ঘৰৰ পৰা"-হে শুদ্ধ হ'ব যেন লাগে।

গতিকে কোনটো আচলতে শুদ্ধ সেইটো মোৰ দৰে কিতাপ পঢ়ি জনাটো সম্ভৱ নহয়। 'প্রান্তিক'ত পৰা-ক শব্দৰ লগত একেলগে লিখে। আন কিতাপত বেলেগ ধৰণেৰে। গতিকে এই বিষয়ত ডাঙৰ মানুহে কি কয় জনাটো ভাল হ'ব।

সত্যনাথ বৰাদেৱৰ 'বহল ব্যাকৰণত'ত পিছে উদাহৰণত "ঘৰৰ পৰা" বুলিহে দিয়া আছে। পিছে সেইটো সত্যনাথ বৰাদেৱেই লিখা নে পাছত সংশোধন কৰা সেয়া জনাটো সম্ভৱ নহয়।

গতিকে এইটো লিখকে নিজেই থিক কৰি লোৱা ভাল, তেওঁ কেনেকৈ লিখিব আৰু কিয় লিখিব।

No comments:

Post a Comment