Wednesday, August 24, 2011

The Adventure of the Noble Bachelor in Assamese

ছাৰ্লক হোম্‌ছৰ অভিযানৰ 'অভিযন্তাৰ আঙুলি' গল্পটোৰ পাছত বহুদিন তাপ মাৰি থাকিলো। কিবা-কিবি কামত ব্যস্ত(?এলেহুৱা) থকা বাবে দশম গল্পটো আগবঢ়াওঁতে অলপ বেছিয়েই সময় লাগিল। অৱশেষত 'ডাঙৰীয়া-পোৰ বিবাহ বিভ্ৰাট' নাম দি The Adventure of the Noble Bachelor নামৰ গল্পটোৰ অনুবাদ আগবঢ়াইছোঁ। বৰমানুহ এজন অলপ দেৰীকৈয়ে বিয়াত বহিল। পিছে বিধিৰ বিপাক, বিয়াৰ দিনাই কইনা নোহোৱা হৈ থাকিল। স্কটলেণ্ড য়াৰ্ডে কইনাৰ মৃতদেহ বিচাৰি নদীৰ পানী ঘোঁটালি ফুৰিছে। আনহাতে নিজৰ ঘৰত বহিয়েই হোম্‌ছে বিচাৰি উলিয়ালে সেই নিৰুদ্দেশ মহিলাগৰাকীক। ছাৰ্লক হোম্‌ছক আবেগিক ভাৱে শীতল, আৰু পক্ষপাতহীন বুলি দেখুওৱা ডয়েল চাহাবে কিন্তু এই গল্পটোত হোম্‌ছক তথাকথিত ওপৰ-মহলাৰ মানুহৰ প্ৰতি অলপ বিদ্বেষী কৰি দেখুৱাইছে। ওপৰ-চাম মানুহৰ প্ৰতি কোনো শ্ৰেণীগত বিদ্বেষ দেখুওৱা নাই যদিও, হোম্‌ছে তেওঁলোকৰ প্ৰতি এটা অবজ্ঞাৰ মনোভাৱ ৰখা পৰিলক্ষিত হয়। অৱশ্যে এই মোনোভাৱে তেখেতৰ বিশ্লেষণ-শক্তিক দুৰ্বল কৰা নাই। কিন্তু হোম্‌ছৰ ধ্যান-ধাৰণাৰ প্ৰতি কৌতূ্হলী মানুহৰ বাবে এয়া জানিবলগীয়া খবৰ।

Noble Bachelor Assamese