Friday, December 23, 2011

কপাৰ বীচ্চেজ অভিযান (Assamese Translation of The Adventure of The Copper Beeches)

ছাৰ্লক হোম্‌ছৰ আন এটা গল্পৰ অনুবাদ। ইয়াতে প্ৰথমখন সংকলন 'The Adventures of Sherlock Holmes' শেষ হ'ল।
'কপাৰ বীচ্চেজ অভিযান': ধাত্ৰীৰ চাকৰী-প্ৰাৰ্থী এগৰাকী যুৱতীয়ে এটা মোটা দৰমহাত চাকৰি লয়গৈ লণ্ডনৰপৰা আঁতৰত বসবাস কৰা এগৰাকী ধনী ব্যক্তিৰ ঘৰত। কিন্তু এই দৰমহাৰ বাবদ ছোৱালীজনীয়ে কটাবলগীয়া হ'ল নিজৰ ধুনীয়া চুলিকোচা। কাৰণ সেয়া আছিল সেই চাকৰিৰ এটা চৰ্ত। এনে অদ্ভূত চৰ্তৰ আঁৰত মাত্ৰ নিয়োগকাৰীৰ স্ত্ৰীৰ খাম-খেয়ালিয়েই দায়ী নে অইন কিবা ৰহস্য আছে? ছাৰ্লক হোম্‌ছে হেনো ছোৱালীজনীক চাকৰিটো ল'বই নিদিলেহেঁতেন! কাৰণ ঠাইখন চহৰৰপৰা বহু দূৰৈত!! বুকুত কি ৰহস্য লৈ সোমাই আছে কপাৰ বীচ্চেজ?
Adventure of the Copper Beeches in Assamese

Wednesday, November 2, 2011

ৰত্ন মুকুট ৰহস্য (Adventure of the Beryl Coronet in Assamese)

ছাৰ্লক হোম্‌ছৰ অভিযানৰ এঘাৰ নম্বৰ গল্প। হোম্‌ছৰ হাতত আকৌ এবাৰ ইংলেণ্ডৰ ৰাজপৰিয়ালৰ সন্মান ৰক্ষাৰ দায়িত্ব আহি পৰিছে, অৱশ্যে পৰোক্ষা ভাৱেহে। এটা ৰাজমুকুটৰ কথা। তাৰে এটা টুকুৰা, মূল্যাবন ৰত্ন সমন্বিতে নোহোৱা হ'ল। দেখাত চোৰজনো চিনাকী, কিন্তু সত্য সদায় ইমান সহজ হয় জানো? হোম্‌ছৰ বাবে সত্যৰ স্বৰূপ সদায় দেখাটোৱেই নহয়। দেখা ঘটনাবিলাক আচল সত্যৰ সৰু অংশহে। যুক্তি-তৰ্কৰ তুলাচনীৰে জুখিহে সত্য আৱিস্কাৰ কৰিব পাৰি।

Adventure of the Beryl Coronet in Assamese

Wednesday, August 24, 2011

The Adventure of the Noble Bachelor in Assamese

ছাৰ্লক হোম্‌ছৰ অভিযানৰ 'অভিযন্তাৰ আঙুলি' গল্পটোৰ পাছত বহুদিন তাপ মাৰি থাকিলো। কিবা-কিবি কামত ব্যস্ত(?এলেহুৱা) থকা বাবে দশম গল্পটো আগবঢ়াওঁতে অলপ বেছিয়েই সময় লাগিল। অৱশেষত 'ডাঙৰীয়া-পোৰ বিবাহ বিভ্ৰাট' নাম দি The Adventure of the Noble Bachelor নামৰ গল্পটোৰ অনুবাদ আগবঢ়াইছোঁ। বৰমানুহ এজন অলপ দেৰীকৈয়ে বিয়াত বহিল। পিছে বিধিৰ বিপাক, বিয়াৰ দিনাই কইনা নোহোৱা হৈ থাকিল। স্কটলেণ্ড য়াৰ্ডে কইনাৰ মৃতদেহ বিচাৰি নদীৰ পানী ঘোঁটালি ফুৰিছে। আনহাতে নিজৰ ঘৰত বহিয়েই হোম্‌ছে বিচাৰি উলিয়ালে সেই নিৰুদ্দেশ মহিলাগৰাকীক। ছাৰ্লক হোম্‌ছক আবেগিক ভাৱে শীতল, আৰু পক্ষপাতহীন বুলি দেখুওৱা ডয়েল চাহাবে কিন্তু এই গল্পটোত হোম্‌ছক তথাকথিত ওপৰ-মহলাৰ মানুহৰ প্ৰতি অলপ বিদ্বেষী কৰি দেখুৱাইছে। ওপৰ-চাম মানুহৰ প্ৰতি কোনো শ্ৰেণীগত বিদ্বেষ দেখুওৱা নাই যদিও, হোম্‌ছে তেওঁলোকৰ প্ৰতি এটা অবজ্ঞাৰ মনোভাৱ ৰখা পৰিলক্ষিত হয়। অৱশ্যে এই মোনোভাৱে তেখেতৰ বিশ্লেষণ-শক্তিক দুৰ্বল কৰা নাই। কিন্তু হোম্‌ছৰ ধ্যান-ধাৰণাৰ প্ৰতি কৌতূ্হলী মানুহৰ বাবে এয়া জানিবলগীয়া খবৰ।

Noble Bachelor Assamese

Friday, May 13, 2011

Engineer's thumb (অভিযন্তাৰ আঙুলি)

শার্লক হোম্‌ছৰ নৱম গল্প। গল্পটোত শার্লক হোম্যু‌ছৰ ক্তিনির্ভৰ তদন্তৰ বেছি নিদর্শন নাই। কিন্তু ৰোমাঞ্চ আৰু শিহৰণেৰে ভৰপূৰ। এটা ব্যতিক্রমী অপৰাধ, এজন সুচতুৰ অপৰাধী, এগৰাকী বিবেক মহিলা আৰু এজন ডেকা অভিযন্তা! থ্রিলাৰ গল্প এটাৰ বাবে আটাইবাৰ উপাদানেই ইয়াত বিৰাজমান। অৱশ্যে শার্লক হোম্‌ছৰ প্রায় নিস্তেজ উপস্থিতিৰ বাবে শার্লক হোম্‌ছ প্রেমী পঢ়ুৱৈৰ মাজত বেছি সমাদৰ পোৱাৰ আশা কৰিব নোৱাৰি।

Engineer's Thumb in Assamese (অভিযন্তাৰ আঙুলি)

Saturday, March 26, 2011

A Study in Scarlet ( এটা ৰক্তবর্ণ অধ্যয়ন )

প্রায় এটা বছৰৰ পাছত অৱশেষত শার্লক হোম্‌ছৰ প্রথম আৱির্ভাৱ হোৱা উপন্যাস A Study in Scarlet অসমীয়া ভাঙনি আগবঢ়াবলৈ সক্ষম হৈছো। গল্প কেইটাৰ দৰেই ইয়াটো সম্পূর্ণ ৰূপে মুকলি অনুবাদ কৰাৰ প্রয়াস কৰা হৈছে। সেয়ে বুজি পোৱাত অসুবিধা হোৱা যেন লগা অংশত টোকা আগবঢ়োৱা হৈছে।

এই অনুবাদৰ কামক শলাগি www.xobdo.org -ৰ ফালৰপৰা আগবঢ়োৱা মানপত্রৰ বাবে তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। এই ছেগত মই আটাইকে অনুবাদ বা মৌলিক লিখনী ইণ্টাৰনেটৰ মাধ্যমত আগবঢ়াবলৈ অনুৰোধ জনালো।

A Study in Scarlet in Assamese

Sunday, February 13, 2011

The Speckled Band

A would be bride, who is haunted by a mysterious whistle, dies inside her closed sleeping room, her bad-tempered India-returned step-father keeps fierce animals in his house, a band of gypsies... What else you need for a gripping detective story! And this story has it all. So, presenting you the Assamese translation of one the best stories of Sherlock Holmes--The Speckled Band.

The Speckled Band Assamese

Friday, December 24, 2010

The Blue Carbuncle, নীলা পদ্মৰাগ মণি

The Christmas is here, and a lucky coincidence that sevent story of Sherlock Holmes, The Blue Carbuncle is also set in the Christmas. Commissionaire Peterson, found an old hat and a goose while coming back from his duty. The goose apparently was a Christmas Present. Waiting two days Holmes decided it's time to send the goose to its destiny. But, like a fairy tale, a valuable gem was found in the goose's stomach. A tragic story is associated with the gem and Holmes has to unveil the events.

The Blue Carbuncle is a Christmas story, and like all Christmas stories, its message is also of love, kindness and forgiveness!

Adventure of The Blue Carbuncle in Assamese

Free myspace counter
Free myspace counter