Friday, December 23, 2011

কপাৰ বীচ্চেজ অভিযান (Assamese Translation of The Adventure of The Copper Beeches)

ছাৰ্লক হোম্‌ছৰ আন এটা গল্পৰ অনুবাদ। ইয়াতে প্ৰথমখন সংকলন 'The Adventures of Sherlock Holmes' শেষ হ'ল।
'কপাৰ বীচ্চেজ অভিযান': ধাত্ৰীৰ চাকৰী-প্ৰাৰ্থী এগৰাকী যুৱতীয়ে এটা মোটা দৰমহাত চাকৰি লয়গৈ লণ্ডনৰপৰা আঁতৰত বসবাস কৰা এগৰাকী ধনী ব্যক্তিৰ ঘৰত। কিন্তু এই দৰমহাৰ বাবদ ছোৱালীজনীয়ে কটাবলগীয়া হ'ল নিজৰ ধুনীয়া চুলিকোচা। কাৰণ সেয়া আছিল সেই চাকৰিৰ এটা চৰ্ত। এনে অদ্ভূত চৰ্তৰ আঁৰত মাত্ৰ নিয়োগকাৰীৰ স্ত্ৰীৰ খাম-খেয়ালিয়েই দায়ী নে অইন কিবা ৰহস্য আছে? ছাৰ্লক হোম্‌ছে হেনো ছোৱালীজনীক চাকৰিটো ল'বই নিদিলেহেঁতেন! কাৰণ ঠাইখন চহৰৰপৰা বহু দূৰৈত!! বুকুত কি ৰহস্য লৈ সোমাই আছে কপাৰ বীচ্চেজ?
Adventure of the Copper Beeches in Assamese

2 comments:

  1. আপোনৰ অনুদিত ছাৰ্লোক হোমছৰ গল্প কেইটা পঢ়ি শেষ কৰিলো। এই কেইদিন একেলেথাৰিয়ে পঢ়িছিলো কাৰণে এটা অভ্যাসত পৰিণত হৈছিল। আজি পঢ়িবলৈ একো নাই। সেয়ে কেনেবা কেনেবা লাগি আছে। আশা কৰিছো অতিসোনকালে আপোনাৰ ব্ল'গত ছাৰ্লক হোমছৰ আন আন গল্প সমুহ পঢ়াৰ সুযোগ পাম। যদি চপা মাধ্যমত ইতিমধ্যেই ছাৰ্লক হোমছৰ আন আন গল্প উপন্যাস বোৰ আপুনি প্ৰকাশ কৰি উলিয়াইছে, কিতাপৰ নাম জনালে নথৈ সুখি হ'ম। শেষত আপোনাৰ এই প্ৰচেষ্টাক পুণৰ ধন্যবাদ জনালো।

    ReplyDelete
  2. Hi,
    My name is Ashraf. I live in Delhi, but I keep visiting Guwahati every two months for our project related work. I am looking forward to get acquainted with a good scholar in Assamese language and literature, who can help in translating a Tamil classic (from English) to Assamese. The Govt of TN will also pay some honorarium for the same. Please contact me at nvkashraf@gmail.com (Phone: 98120568428) if you know of anyone. Thanks

    ReplyDelete