Showing posts with label assamese spelling. Show all posts
Showing posts with label assamese spelling. Show all posts

Friday, May 21, 2010

গল্প নহয়, কিন্তু গল্পৰ ভিতৰত সদায় দেখা কিছুমান কথা

যিখন অসমীয়া কিতাপেই পঢ়িম বুলি মেলি লওঁ তাতেই কিছুমান বানান বেলেগ বেলেগ ধৰণেৰে লিখা দেখা পাওঁ। সেইটোৱে মোৰ শার্লক হোম্‌চ অনুবাদৰ কামত দিগদাৰ দিছে। সেয়ে মই 'হেমকোষ' বিচাৰি কিছুমান নিয়ম আৱিষ্কাৰ কৰিছোঁ। আৰ এই নিয়মবোৰ ইয়াতে যোগ দি যাম বুলি আশা ৰাখিছো। যাতে মোৰ অনুবাদৰ কামত সুবিধা হয়। 'হেমকোষ' চাই থাকোতে বহু নতুন নতুন বঢ়িয়া অসমীয়া শব্দ পাইছো। সেইবোৰো থাকিব।

আৰম্ভনিখিনি অলপ খেলিমেলি লাগিব পাৰে, কিন্তু সেইখিনি মই পাছত সজাই-পৰাই লম বুলি আশা ৰাখিছোঁ।

প্রথম পাঠ:

খন, টো: (উপশব্দ) এইবিলাক মূল শব্দৰ পাচত থকা শব্দ। টো আহিব গোটা বস্তু, নভগা নিছিগা বস্তুৰ (যেনে ঘৰটো), বিশেষনৰ পাচতো থাকিব পাৰে (সৰুটো)। সৰু, সুন্দৰ, মৰমলগা বস্তু বুজাবলৈ 'টি' ব্যৱহাৰ কৰা হয় ল'ৰাটি, ছোৱালীটী, অকণমানিটি ইত্যাদি। টি-মাত্রা ঈ-কাৰ হয় স্ত্রীলিংগত। সংখ্যা শব্দৰ পাচত 'টা' বহে--যেনে চাৰিটা, পাঁচটা ইত্যাদি।
'খন' আহিব চেপেটা ফলিৰ নিচিনা বস্তৰ পাচত (কিতাপখন, চাদৰখন) ঘৰৰ মানুহখিনিক বুজালে (ঘৰখন)। ডাঙৰ ঠাই বা কোনো ধাৰণাৰ পাছতো 'খন' হয়--যেনে পথাৰখন, বজাৰখন, কলেজখন, দলংখন ইত্যাদি।
'ট'-ৰ লগতে আৰু এটা দৰকাৰী কথা কৈ থোৱা ভাল। 'বন্দুকটো লৈ যা। বন্দুকতো গুলী নাই।' দ্বিতীয় 'তো'-য়ে নির্দষ্টতা নুবুজায়, ই বুজায় ইংৰাজী 'even in the --' ধৰণৰ অর্থ এটাহে বুজায়। দুয়োটা টো আৰু 'তো'ৰ মাজত উচ্চাৰণৰ পার্থক্যও আছে। 'বন্দুকটো' শব্দটো পঢ়োতে বন্দুক আৰু টো দুটা বেলেগ বেলেগ শব্দ কৰি পঢ়া হয়, কিন্তু 'বন্দুকতো' পঢ়োতে, ক-টো দিঘলীয়াকৈ পঢ়া হয়, আৰু আচল অর্থটো পঢ়াৰ ধৰণতে ওলাই পৰে।
মনত ৰাখিবলগীয়া কথা এই দুয়োটা শব্দ যাৰ লগত বহে তাৰ লগত লগ লাগি যায়। 'বাহিৰ খন ফুৰিছে' শুদ্ধ নহয়, হ'ব লাগিছিল 'বাহিৰখন ফুৰিছে।'



ছটিয়া: সিঁচা, বস্তু দলিয়াই সিঁচৰতি কৰি দিয়া, যেনে পাৰক খুৱাবলৈ ধান ছটিয়াই দিয়া।
ছতীয়া: অসমৰ ৰজা-মন্ত্রীৰ আৰোৱান আৰু দোলাৰ ছৈ সজোৱা মানুহ।
চতিয়াচতি কৰা: অৰিয়াঅৰি [(চ'ত মাহত) শিপিনীত খাটে]
উভতি: শব্দৰ আন এটা অর্থ হৈছে আমনি কৰা, যেনে: বৰ উভতিখন কৰি ফুৰ। ঘূৰি অহা অর্থটো খাটে।

আজিলৈ এৰো। আটায়ে কুশলে থাকক।






Free myspace counter
Free myspace counter