Showing posts with label Laxminath Bezbaruah. Show all posts
Showing posts with label Laxminath Bezbaruah. Show all posts

Monday, May 17, 2010

English translation of Tejimola

No new story today. But, while serfing thenet I came across this translation of the story of 'Tejimola' in the site http://www.indianfolklore.org/. The website is a a portal of NFSC (National Folklore Support Centre) and has a huge collection of folktales and folklores form different parts of India.
But, the site is very poorply designed and very difficult to navigate. It's funny that a google search gave me the link, but that is not possible to find out in the main website.

The google link did not open (!) for some unknown reason, but I could open the file by using Google's quick view.

So here is the link, and if does not open, you can try to open the page by Google quick view, which you can find residing near the searched items in the the google page.

http://www.indianfolklore.org/journals/index.php/Ish/article/view/504/588


Free myspace counter
Free myspace counter

Friday, May 14, 2010

লক্ষ্মীনাথ বেজবৰুৱাৰ 'মেকুৰীৰ জীয়েকৰ সাধু'

Folk-tales always has those talking animals, but in this story, it goes beyond that, and here a molly gave birth to two girls. They grew up, and while the elder sister was married by a spirit of water, the younger one became the third wife of a rich merchant. The other two wives plot against her, till she is banished from the merchant's house. But, mighty God looks after everybody, and her sorrow comes to an end when the merchant knows that she was not the wrong one.

মেকুৰীৰ জীয়েকৰ সাধু

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই, “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক’লে। গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হে’ তই চপাই কোচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ। নহ’লেনো মই ক’ৰপৰা দিম?” ইয়াকে শুনি মেকুৰীজনীয়ে সেই দিনাখনৰ পৰা অইনৰ ঘৰৰপৰা চুৰ-তাৰি কৰি বা ডবা-হকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে। ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে। সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নেপায়। ইয়াতে তাইৰ মনৰ বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে, “মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওঁক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক।”

ইয়াৰ কিছু দিনৰ পাছতে সঁচাসঁচিকৈয়ে গিৰিহঁতনীয়ে দুটা মেকুৰীপোৱালী পালে আৰু মেকুৰীজনীয়ে ছোৱালীদুজনী পালে। আতৌপুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনোৰকমে ডাঙৰ কৰিলে। ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ-গাখীৰ ইত্যাদি বিচাৰি যায়।

ছোৱালী দুজনী জনা হ’লত সিহঁতে এদিন মাকক ক’লে, “আই তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহ’লে আমি কেনেকৈ জানিম আৰু কি কৰিম?” তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক’লে, “ যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজুপি জঁয় পৰিব আৰু গাখীৰ মলা কলা হ’ব। তেতিয়া তহঁতে মোক বিচাৰি যাবি।“ ইয়াৰ দিন দিয়েকৰ পিছত তুলসীজোপা জঁয় পৰিল গাখীৰ মলা কেঁহৰাজ-বৰণীয়া হ’ল। তেতিয়া মাকৰ কিবা হ’ল বুলি জানি কান্দি কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি গ’ল। সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ। নৈৰগৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গ’ল। তাই আঁজলী দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ’ল আৰু জলকোঁৱৰে মাত লগালে, “যদি তোমাৰ হাতৰ আঙঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰা।“ ভানীয়েকতকৈ আঙঠিটো কি ডাঙৰ বস্তু, এই বুলি বায়েকে, আঙঠিটো দি পানী আনিলে। ভনীয়েকে পানী খাই বায়েকক আকৌ আঙঠিটো আনিবলৈ পঠিয়াই দিলে। এইবাৰ বায়েক পানীত নামোতেই জলকোঁৱৰে তাইক হৰি নিলে। বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি ইয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে।

ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আহোতে অকলশৰীয়া ৰূপহী ছোৱালীজনীক নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ’ল। ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি ল’লে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে। খিয়ালতে ই দুজনীয়ে, কেনেকৈ মুদৈয়ে এইক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে। তাইৰ প্রথমবাৰ অশৌচৰ সময়ত তাইক চকু দুটা কাপোৰেৰে বান্ধি তাই এটা ঢেঁকীথোৰা পালে বুলি কৈ তাই পোৱা মতা ল’ৰাটো সতিনীয়েকহঁতে নৈত উটাই দিলে। পিছৰবাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিহঁতে কৈ আচল মতা ল’ৰাটো নৈত উটাই দিলে। ইফালে জলকোঁৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ল’ৰা দুটাক ভনীয়েকৰ ল’ৰাবুলি জানিব পাৰি তুলি-তালি ডাঙৰ-দীঘল কৰিলে। মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা ভাবি তাইক কুলক্ষণীয়া তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চুৱাপাতনিত ঘৰ এটা সজাই দি থলে। তাই চুৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে।

এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে তেওঁৰ নাওখন ধৰি ৰখালে। মুদৈয়ে নাওখন কোনোৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচুৰ্ত্তি হৈ থাকোঁতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই ক’লে - “তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক ঠিৰাঙকৈ কৈ তোমাৰ তামোলৰ হাঁচতিখন আৰু লাখুটেদাল পেলাই থৈ যোৱা, তেহে তোমাৰ নাও মুকলি হ’ব। মুদৈয়ে উপায় নেপাই এটা বৰ সবাহ কৰিবলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাট কৰে এৰাই গ’ল। ইফালে জেঠায়েকে সেই ল’ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰে পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি ক’লে আৰু সেই সকলো কথাখিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ দিনা সিহঁতে ৱাইজক ক’বলৈ ক’লে।

সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিদাল আৰু হাঁচতিখন লৈ মুদৈৰ ঘৰৰফালে যাবলৈ ধৰিলে। পোনেই গৈ সিহঁতে চুৱাপাতনিত থকা মাকক আই বুলি মাতি এটুপি পানী খাবলৈ খুজিলত, সিহঁতে চুপতি কৰা বুলি মাকে ভাবি ক’বলৈ ধৰিলে, “মোক কিয় ভেঙুচালি কৰিছাহঁক? সৌৱা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু যি পাৱ খাগৈ।“ তেতিয়া সিহঁতে সকলো খিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকি দি, তাতে অলপ জিৰাই-সতাই সবাহলৈ গ’ল।

সবাহত মানুহ দিহা-দিহি বহিছে, এনেতে খবৰ ওলাল যে চুৱাপাতনিত থকা মানুহজনীৰ তাত খাই-বৈ দুজন মানুহ সবাহত বহিছিল। যেতিয়া এই কথা জনাজাত হ’ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে। কথাষাৰ শুনা মাত্ৰকতে দুই ককাই-ভায়েকে গিৰিপ কৰে উঠি মাত লগালে যে, “আমি য’ত সোমাইছিলোঁ তেওঁ আমাৰ আই।“ তেতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সোধাত মুদৈয়ে একোকে ক’ব নোৱাৰিলে। তেতিয়া ৰাইজে এই বিষয়ে ক’বলৈ কোৱাত, বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনে। এইবুলি সকলো কথা ভাঙি-পাতি সি ক’বলৈ ধৰিলে আৰু মুদৈৰ হাঁচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্রমাণ কৰিলে। মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হ’ল আৰু লাখুটিডাল, হাঁচতিখন নিজৰ বুলি সৈ কাঢ়িলে। তেতিয়া সকলোৱে সতিনীৰ কুমন্ত্রণা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে। ৰাইজেও একো হাই-উৰুমি নোহোৱাকৈ সবাহ খাই গ’ল। সবাহৰ পিছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি সিহঁতক খেদি দিলে আৰু ল’ৰাদুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সুমালেহি। ল’ৰা দুটিও বাপেক-মাকৰ বুকু জুৰাই ঘৰতে থাকিল।




Free myspace counter
Free myspace counter

লক্ষ্মীনাথ বেজবৰুৱাৰ 'নোমলীয়া পো'

'Numoliya Po'--'the young son', from Burhi Aaair Xadhu (Grandmother's tales) is the story of an old-man who goes to an astrolger to find a name for his youngest new-born son. On the way home, he kept on saying the name repeatedly in order not to forget it. But, in funny situations, people misunderstands his intentions, and the old fellow is humiliated repeatedly, until he no longer remembers the name. He reaches home in a sorry state, and found that his wife already knew the name!
নুমলীয়া পো

এহাল বুঢ়া-বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল’ৰা হ’ল। বুঢ়াই গুণি-ভাবি পুতেকৰ কি নাম থ’ব বিচাৰি নাপাই, গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ’ল। গণকে বুঢ়াক সুধি-পুছি তাৰ বুঢ়াকালত হোৱা আৰু একেবাৰেই নুমলীয়া দেখি ল’ৰাৰ নাম নোমল দিলে।

বুঢ়াই গণকক পানী-গামোচা এখন আৰু এটা চৰতীয়া দি নামটো লৈ ঘৰলৈ উলটিল। বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি “নোমল” “নোমল”কৈ ৰিঙিয়াই আহিছিল। আহোঁতে আহোঁতে লাহে লাহে তাৰ ভুল হৈ নোমলৰ ঠাইত “নেমেল” “নেমেল” ওলাবলৈ ধৰিলে। সি যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাৱৰ ওচৰা-উচৰি পাওঁতেই তেওঁৰ নাওখনি মেলিবলৈ নাৱৰীয়াহঁতক হুকুম দিলে। নাৱৰীয়াহঁতে নাৱৰ গোজ উঘালি নাওখন মেলিবলৈ ধৰোঁতেই “নেমেল” “নেমেল” কৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক ক’লে, “দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে” নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি, সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে; বুঢ়াই সদাগৰৰ কথাৰ উত্তৰ দিবলৈ গ’লে কিজানি সিফালে নামটো পাহৰি যায় ইয়াকে ভাবি কোনো উত্তৰ নিদি মাথোন বাৰে বাৰে ‘নেমেল’ ‘নেমেল’ কৰিবলৈ ধৰিলে। সদাগৰৰ খং উঠিল - “উস কটা! ইমান দিন ইয়াতে থাকি আজি দিন বাৰ চাই নাওখন মেলিবলৈ হুকুম দিলোঁ, আপদীয়া এইটাওৱে ক’ৰবাৰ পৰা আহি মোৰ শুভ-যাত্ৰাত বিঘিনি জন্মালে। কটা ধৰ ইয়াক।” এইবুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক, ভালকৈ এপিটন দিয়ালে। মাৰ খাই বুঢ়াই নেমেল বুলিবলৈ পাহৰি “নহ’বৰ হ’ল” “নহ’বৰ হ’ল” বুলিবলৈ ধৰিলে। বুঢ়াই “নহ’বৰ হ’ল” কৈ গৈ আছে, এনেতে সেইবাটেদিয়েই ভালকৈ সাজ-পাৰ পিন্ধি যোৱা মানুহ এটাক সি লগ পালে। মানুহটোৱে বুঢ়াই সেই “নহ’বৰ হ’ল” কথাটো শুনি ভাবিলে, সি ভালকৈ ধুন-পেচ্ মাৰি সাজ-পাৰ পিন্ধি আহিছে দেখিহে বুঢ়াই তাক সেইদৰে হাঁহিছে। এয়াকে ভাবি সি হাতৰ লাখুটিডালেৰে বুঢ়াক মাৰ চেৰেক মাৰিলে। বুঢ়াই মাৰ খাই, সেই “নহ’বৰ হ’ল” কথাষাৰকো পাহৰি “সিটোতকৈ ইটোহে চৰা” বুলি যাবলৈ ধৰিলে। এনেতে বুঢ়াৰ আগেদিয়েই দুটা গৰলীয়া মানুহ গৈছিল; সিহঁতে ভাবিলে বুঢ়াই সিহঁতৰ গঁৰল দেখি সেইদৰে সিহঁতক হাঁহিছে। ইয়াকে ভাবি খঙ উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলা-গুৰুলকৈ কিলালে। কিল খাই বুঢ়াই চুঁচুৰি বাগৰি কোনোমতে ঘৰ পালেগৈ। ঘৰ পাই সি তাৰ বুঢ়ীক বিপদৰ কথা ভাঙি ক’লত, বুঢ়ীয়ে বেজাৰ কৰি বুঢ়াক সুধিলে, “বাৰু যি হ’ল হ’ল, এতিয়া গণকে দিয়া নামটো কি কোৱাচোন?” বুঢ়াই ক’লে, “কিলৰ তাপত মোৰ মনৰ পৰা নাম-কাম সোপাই পলাই গ’ল; মই নামটো পাহৰিলোঁ।”

বুঢ়াৰ কথা শুনি বুঢ়ীয়ে ক’লে, “পাহৰিলা যদি পাহৰিলা, কি কৰিম। ল’ৰাৰ নাম থোৱা হ’ল আৰু; এতিয়া আমাৰ মাটিদৰা ৰুবৰ কাৰবাৰ কৰা। বাৰীৰ চুকৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পাৰাগৈ যোৱা।” “নুমলীয়াকৈ” কথাটো শুনিয়েই বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল। বুঢ়াই তেতিয়া খঙত একো নাই হৈ বুঢ়ীক ক’লে, “হয়, তয়েই যদি মোৰ ল’ৰাৰ নামটো জান, তেন্তে মোক কিয় ইমানখন মাৰ-কিল খুৱালি?” এই বুলিয়েই বুঢ়াই ঘৈণীয়েকৰ পিঠিত ঔ পাৰিলে।

ইয়াৰ পিছত বুঢ়া-বুঢ়ীয়ে পুতেকৰ নাম নোমল, দি খাই বৈ থাকিল। আমি ঘৰলৈ গুচি আহিলোঁ।




Free myspace counter
Free myspace counter

লক্ষ্মীনাথ বেজবৰুৱাৰ 'তেজীমলা'

'Tejimola' is the story of a girl who used to live with her wicked step mother as her rich and loving father used to roam about for business. The envious step-mother tortures Tejimola, in ways that are strongly symbolic in nature, and ultimately kills her. But, Tejimola's spirit comes back in forms of flowers and plants and meets her father.
This folk-tale as penned by Laxminath Bezbaruah has captured the psyche of Assamese culture in many ways and there are depictions of 'Tejimola' in various other forms--music, short stories and comics. Tejimola is probably the most popular and well-known folk tales of Assam.

তেজীমলা

এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা-ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল, সেইদেখি তাইক মাহীয়েকে তুলিতালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল; কিন্তু মাহীয়েকে হ’লে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল; কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্রতিপাল কৰি ডাঙৰ দীঘল কৰিব লগীয়াত পৰিছিল।
আজি-কালিকৈ তেজীমলা দহ-এঘাৰ বছৰীয়া হ’ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰ সৈতে বাপেকে সখি বন্ধাই দিলে।
তেজীমলাৰ বাপেক বেপেৰুৱা মানুহ; বেহা-বেপাৰলৈ নগ’লে নচলে। সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ ৬/৭ মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাব লগীয়াত পৰিল। সেইদেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰৰ তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি ক’লে যে, “এইবাৰ মই ৬/৭ মাহলৈকে বিদেশলৈকে যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালোঁ। তাই আদৰুৱা ছোৱালী; তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি।”
সাউদনীয়ে ভাবিলে, “এইবাৰ মোৰ বেছ সুবিধা হৈছে; এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ কুটা, দাঁতৰ শালটো গুচাব পাৰিম। তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ পলুৱাম।” আৰু তাই ভাবিলে- “অকল ঠেকেচিয়েই নেৰোঁ, সেইদৰে এৰিলে, বাপেকে আহি সেইকথা কেনেবাকৈ বুজি পালে এখন হাই উৰুমিহে বাহ হ’ব। এই আপদৰ একেবাৰেই জইন মাৰিম। এইক বিয়া দিওঁতে মোৰ ঘৰৰ আদখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব। এই হ’ল মোৰ সতিনীৰ জী। মোৰ কপালততো মোনো ল’ৰা-ছোৱালী নহ’লেই, সতিনীৰ এইটোকোনো পোহ-পাল কৰি নিৰ্বাহ দি মোৰ কি লাভ হ’ব? বাপেকে এইৰ লগত যিখিনি ধন-বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ দিব। হেনজানি এইৰ দেউতাক উভতি অহাৰ আগতেই এটা বুধি কৰি এইৰ ওৰ পেলাব লাগিব।” ইয়াকে মাহীয়েকে ভাবি, সাউদে নাও মেলি যোৱাৰ দিনৰ পৰা তেজীমলাৰ দায়ৰ চেলু বিচাৱিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলৈ পাই দেখ দিবলৈ ধৰিলে।
ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰপৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ তিনি-চাৰিদিন সখীয়েকৰ ঘৰত থাকি তেজীমালী ৰঙ-ধেমালি কৰি নোৱাই-ধোৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং ধেমালি কৰি তাই বিয়া খাব।
মাহীয়েকে অনেক দিনৰে পৰা আলচা কথা সিদ্ধি হ’বৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক মুৰুক কৰি, তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াবলৈ ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে, “এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হ’বনে?” “এইখন ৰিহা সেইখন মেখেলাই তোক শুৱাবনে?” এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম ৰিহাৰ গুণাৰ পাৰি দিয়া খনীয়াকাপোৰ আছিল; শেষত তাকে মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক’লে, - “আইটি এই কাপোৰযোৰ আৰু খনীয়াকাপোৰখনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰযোৰেৰেই সখীয়েৰৰ ঘৰলৈ যা, সখীয়েৰৰ ঘৰৰ ওচৰপালেই টোপোলাত দিয়া ৰিহা-মেখেলা আৰু কাপোৰ পিন্ধিবি, ইয়াৰপৰা সেই কাপোৰ পিন্ধি গ’লে খোজ কাঢ়ি যাওঁতে বাটত ধূলি-মানটি লাগি ক’লা হ’ব।” ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা মেখেলাযোৰৰ ভিতৰত মনে মনে এটা নিগনি সুমুৱাই দি আৰু পাৰি দিয়া খনীয়া কাপোৰখনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে।
সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথা মতে পাটৰ ৰিহা-মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰযোৰৰ ভিতৰৰ পৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰ পৰা এটা আঙঠা সৰকি পৰিল। তেজীমলাই দেখি বিচূৰ্তি হ’ল যে ৰিহা-মেখেলাযোৰ নিগনিয়ে কূটি থকা-সৰকা কৰিলে আৰু পাৰি দিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই গ’ল, তাই ঠক ঠক কৰে কঁপি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। লগত যোৱা মানুহেও আই কান্দ দেখি আচৰিত হৈ, শেহত তেজীমলাক অনেক বুজাই-বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ লৈ গৈ তাৰ পৰা এযোৰ ৰিহা-মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে। বিয়াৰ পিছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিলত, মাহীয়েকে তাইক কাপোৰৰ কথা সুধিলত, তাই ভয়ত কঁপি কঁপি সেই পোৰা আৰু কূটা কাপোৰৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে পোৰা আৰু কূটা কাপোৰ দেখি কৃত্ৰিম খঙত জলি পকি তেজীমলাক নথৈ গালি-শপনি পাৰি মাৰি তাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমালক টানি আনি মাহীয়েক ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই, নিজে ধুম ধুম কৰে ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাত চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোহাঁতখন খুন্দি পেলালে। সোহাঁতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিয়ঁৰি কান্দিবলৈ ধৰিলেত, বাঢ়নী মাৰি ডালেৰে মাহীয়েকে তেজীমালৰ পিঠিত কোবাবলৈ ধৰি, তেজীমালক বাওঁ হাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁহাতেৰে খুবলিত ধান বঢ়াই থাকোঁতেই মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁ হাতখনো খুন্দিলে, বাওঁহাত খুন্দি তাৰপিছত মাহীয়েকে তেজীমলাক সোঁ ভৰিৰে ধান বঢ়াবলৈ কৈ সোঁ ভৰিখনো খুন্দিলে আৰু তাৰ পিছত সেইদৰে বাওঁভৰিখনো খুন্দিলে। শেহত মাহীয়েকে মুৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মুৰটোও খুন্দি পেলালে। তেজীমলা মৰিল।
এইদৰে গিৰিয়েকৰ আলাসৰ লাড়ু চেনেহৰ তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাতে গাঁত এটা খান্দি পুতি থলে।
তেজীমালক পোতা ঠাইডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হ’ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল। ইফালে ওচৰ-চুবুৰীয়া মানুহে ভালেমান দিন তেজীমালক দেখিবলৈ নাপাই, মাহীয়েককক তাইৰ বাতৰি সুধিলত মাহীয়েকে উত্তৰ দিলে, “তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই।”
এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ ছালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলৈ আহি ক’লে, “আই মোক লাও এটা দিয়ক।” তেজীমলাক মৰাৰ দিনৰে পৰা মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল। সেইদেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে, “মই তোক লাও দিবলৈ ক’ত পাম? নিজেই আজি ভালেমান দিন লাও খোৱা নাই।” মাগনীয়ে ক’লে, “কিয় আই এনেকৈ কয়, আপোনাৰ ঢেঁকীশালৰ ছালতে দেখোন লাও ভৰি লাগি আছে।” বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰীত মানি ক’লে, “মই হ’লে দেখা নাই, তই দেখিছ যদি কেইটা লাগে ছিঙি নেগৈ।” বুঢ়ীৰ এই কথা শুনি লাওগছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোঁতেই লাও-জোপাই বিনাই মাত লগালে -
“হাতো নেমেলিবি লাৱো নিছিঙিবি,
ক’ৰে মগনীয়া তই।
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে
তেজীমলাহে মই।”
লাওগছে মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক ক’লে, “আই, লাও ছিঙিবলৈ হাত মেলোতেই মোক এইদৰে লাও জোপাই মাত লগালে। মোক আৰু লাও নেলাগে আই, মই গুচি যাওঁ।” এইবুলি মাগনী বুঢ়ী গুচি গ’ল। তেতিয়া সাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি, কটাৰী এখন লৈ গৈ লাওগছজোপা কাটি টানি নি বাৰীৰ পিছফালে পেলাই দি গুচি আহিল।
লাওজোপা কাটি য’তেই পেলাই দিছিল সেইখিনিতে কিছুমান দিনৰ মূৰত এজোপা জৰাটেঙা হৈ ডাল ভৰি জৰা টেঙা লাগিল। গছজোপাত জৰাটেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দোঁ-খাই পৰিছিল। এদিন কিছুমান গৰখীয়া ল’ৰাই গৰু চৰাওঁতে সেই জৰাগছত জৰাটেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক’লে, “আই, আমাক গোটাচেৰেক জৰাটেঙা খাবলৈ দিবনে?” সাউদনীয়ে “মই ক’ত জৰাটেঙা পাম?” বুলি ক’লত সিহঁতে ক’লে, “কিয় আই, আপোনাৰ বাৰীৰ পিছফালে এজোপা জৰাগছত জৰাটেঙা দেখোন ভৰি লাগি আছে।” সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে, “কই হ’লে ক’ত জৰাটেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰি নে গৈ।”
সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰাকেইটা জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোঁতেই গছজোপাই মিনাই মাত লগালে --
“ভাইও বোলোঁ মই ককাইও বোলো মই,
গাঁৱৰে গৰখীয়া।
হাতো নেমেলিবি, জৰাও নিছিঙিবি,
ঘৰলৈ উভটি যা।
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে,
মইহে তেজীমলা।”
গৰখীয়া ল’ৰাহঁতে এই বিননি শুনি কিবা দেওভূত গছজোপাত আছে বুলি জৰাটেঙা নিছিঙি তাৰপৰা আহি সাউদনীক এই কথা কৈ গুচি গ’ল। সাউদনীৰ ছাঁট কৰে মনত পৰিল যা তাই লাওজোপা কাটি সেইখিনিতে পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিব পাৰিলে যে তেজীমলাইহে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰাগছ জোপা নদীত উটাই দিলে।
জৰা গছজোপা নদীত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদূম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ’ল। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেকে নাৱেৰে উভটি আহোঁতে নৈৰ ঘূলিত গছজোপাত সুন্দৰ পদূম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাঁও বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোঁতেই পদূমে বিনাই গালে -
“হাতো নেমেলিবি, ফুলো নিছিঙিবি,
ক’ৰে নাৱৰীয়া তই।
পাকাপোৰৰ লগতে মাহী আই খুন্দিলে,
তেজীমলাহে মই।”
ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলিলতে ফুলে বিনাই মাতিলে -
“হাতো নেমেলিবা, ফুলে নিছিঙিবা,
চেনেহৰ পিতাদেউ এ।
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে,
তেজীমলাহে মই।”
বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাবৰ কথা আগৰে পৰা জানি থৈছিল, সেই কাৰণে ভাবিলে যে, “এইজনী নিশ্চয় মোৰ তেজীমলা।” ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাঁওহাতত তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোহাঁতত এটা লাড়ু লৈ ক’লে যে, “যদি তই মোৰ তেজীমলাহে হয়, তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চোবাটি খাবি; আৰু যদিহে নহয়, আনন কোনোবাহে হয় তেন্তে লাড়ুটো নিবি।” এইবুলি তেওঁ ক’লতে পদূম ফুলটি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাতত পৰি চোবাটি খালে। বাপেকে তেতিয়া তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সুমুৱাই লৈ আহিল।
সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে, “তেজীমলা ক’লৈ গ’ল?” ঘৈণীয়েকে ক’লে, “মোমায়েকৰ ঘৰলৈ গ’ল।” সদাগৰে ঘৈণীয়েকক ঘুকটি ঘুকটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই সৈ কঢ়ালে। ইয়াৰ পিছত শালিকাটিৰ গাত নিজৰ পানীগামোচাখন পেলাই দি ক’লে, “যদি তই মোৰ তেজীমলাহে আৰু যদি মোলৈ তোৰ মৰম আছে, এই গামোচাখন পিন্ধি তই মানুহ হ’বি।” এই কথা শুনি তেতিয়াই তেজীমলা আগৰদৰে হ’ল আৰু সাউদে ঘৈণীয়েকক ঘৰৰপৰা তেতিয়াই খেদাই দিলে।




Free myspace counter
Free myspace counter